Posts

মুম্বাইৰ এগৰাকী ব্যতিক্ৰমী উদ্যোগী মহিলা

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানী সংগ্ৰহণ) কৌশল প্ৰয়োগৰ জৰিয়তে দুই লক্ষাধিক স্থানীয় লোকৰ সহযোগত বছৰি তিনিশ কোটি টকা উপাৰ্জনেৰে ৰাজস্থানৰ শতাধিক গাওঁলৈ পৰিৱৰ্তন আনিছিল এইগৰাকী উদ্যমী মহিলাই৷ এসময়ত খৰাং বতৰ, চিৰাল ফটা মাটি আৰু পৰ্যাপ্ত পানীৰ অভাৱে ৰাজস্থানৰ স্থানীয় বাসিন্দাৰ দৈনন্দিন জীৱন ভীতিগ্ৰস্ত কৰি তুলিছিল৷ কিন্তু  ৰাজস্থানবাসীৰ এই জলন্ত সমস্যা দীৰ্ঘস্থায়ী নহ’ল৷ বৰষুণৰ অভাৱত শস্য উৎপাদন একেবাৰে নোহোৱা বাবেই গাওঁবাসীয়ে উপায়হীন হৈ মহাজনৰ কাষ চাপিবলৈ বাধ্য হৈছিল৷ সেই সময়ত দেশৰ ভিতৰত একমাত্ৰ ৰাজস্থানৰ কৃষকসকলেহে এনে দুৰৱস্থাৰ সন্মুখীন হৈছিল। লোণ লৈ লৈ সকলো ধৰুৱা হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছিল৷ যোৱা সহস্ৰাব্দৰ শেষৰটো দশকৰ কথা৷ ভয়ংকৰ খৰাং পৰিস্থিতিয়ে সমগ্ৰ ৰাজস্থানবাসীক জুৰুলা কৰি তুলিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ-মাধ্যমত ৰাজস্থানৰ খৰাং পৰিস্থিতি আৰু খৰাংপীড়িত ৰাইজৰ দুৰ্দশা দেখুওৱা হৈছিল৷ দূৰদৰ্শনত ৰাজস্থানৰ এনে পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পিছতেই ৰুইৱা

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ নথি

Image
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এখন গুৰুত্বপূৰ্ণ নথি হ'ল বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন ডি. ৰুজভেল্টলৈ লিখা এখন চিঠি ৷ এই চিঠিখনত পৰমাণু শক্তিক কামত লগোৱাৰ বাবে, বিশেষকৈ পৰমাণু বোমা তৈয়াৰ কৰাৰ অৰ্থে চৰকাৰী কাৰ্যব্যৱস্থাৰ বাবে গোহাৰি জনোৱাৰ লগতে পুঁজি সংগ্ৰহৰ বিষয়েও কোৱা হৈছে৷ তদুপৰি শেষৰফালে চিঠিখনত বিজ্ঞানী আইনষ্টাইনে এনে কেইটামান তথ্যৰো উল্লেখ কৰিছে যি, জাৰ্মানীত নাজীসকলে আগতে পৰমাণু বোমা তৈয়াৰ কৰিব বুলি ৰুজভেল্ট প্ৰশাসনৰ শংকাক ঘনীভূত কৰাত সহায় কৰে৷ এই চিঠি লিখিবলৈ আইনষ্টাইনক সন্মত কৰে বিজ্ঞানী লিঅ'জিলাৰ্ডে৷ ইউজিন উইগনাৰ আৰু পিছলৈ হাইড্ৰজেন বোমাৰ পিতৃস্বৰূপ হোৱা বিজ্ঞানী এডৱাৰ্ড টেলাৰৰ সহযোগত চিঠিখনৰ আৰ্হি প্ৰস্তুত কৰিছিল বিজ্ঞানী জিলাৰ্ডে৷ পিছত ১৯৪৫ চনত হিৰোশ্বিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ ধ্বংসলীলাত জিলাৰ্ডে ইমানেই অনুতপ্ত হৈছিল যে তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যয়নকে বাদ দি জীৱ- বিজ্ঞানৰ অধ্যয়নত ব্ৰতী হৈছিল৷ অনুবাদ কৰোতে বাক্য গাঁঠনিসমূহ মূল চিঠিখনৰ সৈতে হুবহু ৰখা হৈছে ৷ এলবাৰ্ট আইনষ্টাইন অল্ড গ্ৰ'ভ ৰ'ড নাৰ্ছাউ পইন্ট পেক'ন

জীৱনৰ গোপন ৰং

Image
টং কৈ হৰিৰামে বিদ্যালয়ৰ বে’ল বজোৱাৰ লগে লগে সকলো ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ শ্ৰেণী কোঠাত সোমাল৷ এটা নিজম পৰিৱেশে বিদ্যালয়ৰ চৌহদ আৱৰি ধৰিলে৷ শিক্ষক-শিক্ষয়ত্ৰীসকলো নিজৰ নিজৰ শ্ৰেণীলৈ ৰাওনা হ’ল৷ আন দিনবোৰৰ দৰে আজিও ৰূপালী বাইদেৱে চতুৰ্থ শ্ৰেণীৰ ৰেজিষ্টাৰ বহীখন মোকলাই ল’লে৷ কিন্তু তেওঁ লক্ষ্য কৰিছে আজি কেইবাদিনো ধৰি জুৰি স্কুললৈ অহা নাই৷ তাই এজনী মেধাৱী ছাত্ৰী, সদায়ে শ্ৰেণীত প্ৰথম স্থান পায়৷ : বকুল, তুমি বিদ্যালয়লৈ আহোঁতে জুৰিহঁতৰ ঘৰৰ ফালেদি আহা নহয়নে? জুৰিয়ে কিয় ইমানদিন বিদ্যালয়লৈ অহা নাই খবৰ কৰিবাচোন? : মই খবৰ লৈছিলোঁ বাইদেউ৷ তাইৰ মাকৰ বেমাৰ সেইবাবে তাই বিদ্যালয়লৈ অহা নাই৷ : হয় নেকি? পাৰিলে তাইক সোনকালে বিদ্যালয়লৈ আহিবলৈ ক’বা, পৰীক্ষা ওচৰ চাপিছে৷ এজন মাছমৰীয়াৰ জীয়েক জুৰি৷ নদী কাষৰীয়া এডোখৰ ঠাইত জুৰিৰ ঘৰ, অৱশ্যে জুপুৰী বুলিবই পাৰি৷ ঘৰৰ পাছফালে এখন সৰু বাৰী৷ ঘৰটোৰ বেৰবোৰৰ অ’ত ত’ত জলঙা ওলাইছে৷ ওপৰৰ ফালে খেৰৰ চাল৷ খেৰৰ চালখনে বৰষুণ দিলে বিশেষ একো বাধা দিব নোৱাৰে৷ কেইবাদিন ধৰি জুৰিক মাক নৰিয়াত পৰি আছে৷ কাহিলিপুৱাতেই জুৰিৰ বাপেকে মাছ মাৰিবলৈ ওলাই যায়৷ ৰাতি সাত মান বজালৈ মাছ বিক্ৰী

ইট্ ইট্ ফিচ এণ্ড মিট্ ইট্

“ কাষৰ কোৱাৰ্টাৰত আজি কিবা আছে নেকি অ ’ ,মাংসৰ আঞ্জাৰ গোন্ধটো বাৰে বাৰে আহি নাকত লাগিছেহি ৷” দুপৰীয়াৰ ভাতকেইটা খাই বেচিনত হাতখন ধুই ধুই অভিলাষ বৰুৱাই চিত্ৰাংগদাৰ মুখলৈ চাই কথাকেইটা ক ’ লে ৷ “ ছাৰ,সিহঁতৰ ঘৰৰ বাচ্চাটোৰ কিবা আছে চাগৈ, ৰাতিপুৱাৰ পৰাই মানুহ ৷” “ আচ্চা ছাৰ, বাইদেউ কেতিয়া উভতি আহিব বাৰু ? ” ― লাহেকৈ সুধি লে তাই ৷ “ বাইদেউ উভতি নাহিব যেনেই লাগিছে বুজিছ ৷ বায়েকৰ ঘৰলৈ গৈ মোক বনবাসত এৰি থৈ গ ’ ল ৷ মইহে গম পাওঁ মোৰ কি দুৰৱস্থা হৈছে ৷ তইও বিয়া হ ’ লে তেনেকুৱাই কৰিবি৷ ” তাই খিক্ খিককৈ হাঁহি আকৌ মাত দিলে ― “ ইইই ছাৰ !! মই বিয়া নহওঁ দেই,ইম্ফল এৰি ক ’ লৈকো না যাওঁ ৷ ” তামোল এখন মুখত ভৰাই অলসভাৱে চোফাখনত দেহাটো এৰি দি বৰুৱাই ক ’ লে, “ তই বিয়া নহওঁ বুলি ক ’ লেই হ ’ লনে ! অহা মাহত বাবলু আৰু পংখী আহিব ৷ বাইদেউ আৰু ইহঁত দুটাৰ লগত তোৰ বিয়াখনৰ কথা পাতিব লাগিব ৷ ” লাজ লাজকৈ মূ ৰটো তললৈ কৰি তাই ক'লে, “ ছাৰ বাবলু দাদাৰহে বিয়া পাতি দিব লাগে ৷ মই ভি তেতিয়া ‘ বৌ ’ টোক চাই যাব পাৰিম ৷ ” বৰুৱাই ইতিমধ্যে গম পাইছে যে কথা ওলাল যেতিয়া এই এতিয়া এনেকৈ নাযাব ৷ চিত্ৰাংগদ