Posts

Showing posts from June, 2018

মুম্বাইৰ এগৰাকী ব্যতিক্ৰমী উদ্যোগী মহিলা

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানী সংগ্ৰহণ) কৌশল প্ৰয়োগৰ জৰিয়তে দুই লক্ষাধিক স্থানীয় লোকৰ সহযোগত বছৰি তিনিশ কোটি টকা উপাৰ্জনেৰে ৰাজস্থানৰ শতাধিক গাওঁলৈ পৰিৱৰ্তন আনিছিল এইগৰাকী উদ্যমী মহিলাই৷ এসময়ত খৰাং বতৰ, চিৰাল ফটা মাটি আৰু পৰ্যাপ্ত পানীৰ অভাৱে ৰাজস্থানৰ স্থানীয় বাসিন্দাৰ দৈনন্দিন জীৱন ভীতিগ্ৰস্ত কৰি তুলিছিল৷ কিন্তু  ৰাজস্থানবাসীৰ এই জলন্ত সমস্যা দীৰ্ঘস্থায়ী নহ’ল৷ বৰষুণৰ অভাৱত শস্য উৎপাদন একেবাৰে নোহোৱা বাবেই গাওঁবাসীয়ে উপায়হীন হৈ মহাজনৰ কাষ চাপিবলৈ বাধ্য হৈছিল৷ সেই সময়ত দেশৰ ভিতৰত একমাত্ৰ ৰাজস্থানৰ কৃষকসকলেহে এনে দুৰৱস্থাৰ সন্মুখীন হৈছিল। লোণ লৈ লৈ সকলো ধৰুৱা হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছিল৷ যোৱা সহস্ৰাব্দৰ শেষৰটো দশকৰ কথা৷ ভয়ংকৰ খৰাং পৰিস্থিতিয়ে সমগ্ৰ ৰাজস্থানবাসীক জুৰুলা কৰি তুলিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ-মাধ্যমত ৰাজস্থানৰ খৰাং পৰিস্থিতি আৰু খৰাংপীড়িত ৰাইজৰ দুৰ্দশা দেখুওৱা হৈছিল৷ দূৰদৰ্শনত ৰাজস্থানৰ এনে পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পিছতেই ৰুইৱা

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ নথি

Image
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এখন গুৰুত্বপূৰ্ণ নথি হ'ল বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন ডি. ৰুজভেল্টলৈ লিখা এখন চিঠি ৷ এই চিঠিখনত পৰমাণু শক্তিক কামত লগোৱাৰ বাবে, বিশেষকৈ পৰমাণু বোমা তৈয়াৰ কৰাৰ অৰ্থে চৰকাৰী কাৰ্যব্যৱস্থাৰ বাবে গোহাৰি জনোৱাৰ লগতে পুঁজি সংগ্ৰহৰ বিষয়েও কোৱা হৈছে৷ তদুপৰি শেষৰফালে চিঠিখনত বিজ্ঞানী আইনষ্টাইনে এনে কেইটামান তথ্যৰো উল্লেখ কৰিছে যি, জাৰ্মানীত নাজীসকলে আগতে পৰমাণু বোমা তৈয়াৰ কৰিব বুলি ৰুজভেল্ট প্ৰশাসনৰ শংকাক ঘনীভূত কৰাত সহায় কৰে৷ এই চিঠি লিখিবলৈ আইনষ্টাইনক সন্মত কৰে বিজ্ঞানী লিঅ'জিলাৰ্ডে৷ ইউজিন উইগনাৰ আৰু পিছলৈ হাইড্ৰজেন বোমাৰ পিতৃস্বৰূপ হোৱা বিজ্ঞানী এডৱাৰ্ড টেলাৰৰ সহযোগত চিঠিখনৰ আৰ্হি প্ৰস্তুত কৰিছিল বিজ্ঞানী জিলাৰ্ডে৷ পিছত ১৯৪৫ চনত হিৰোশ্বিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ ধ্বংসলীলাত জিলাৰ্ডে ইমানেই অনুতপ্ত হৈছিল যে তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যয়নকে বাদ দি জীৱ- বিজ্ঞানৰ অধ্যয়নত ব্ৰতী হৈছিল৷ অনুবাদ কৰোতে বাক্য গাঁঠনিসমূহ মূল চিঠিখনৰ সৈতে হুবহু ৰখা হৈছে ৷ এলবাৰ্ট আইনষ্টাইন অল্ড গ্ৰ'ভ ৰ'ড নাৰ্ছাউ পইন্ট পেক'ন