দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ নথি

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এখন গুৰুত্বপূৰ্ণ নথি হ'ল বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন ডি. ৰুজভেল্টলৈ লিখা এখন চিঠি ৷ এই চিঠিখনত পৰমাণু শক্তিক কামত লগোৱাৰ বাবে, বিশেষকৈ পৰমাণু বোমা তৈয়াৰ কৰাৰ অৰ্থে চৰকাৰী কাৰ্যব্যৱস্থাৰ বাবে গোহাৰি জনোৱাৰ লগতে পুঁজি সংগ্ৰহৰ বিষয়েও কোৱা হৈছে৷ তদুপৰি শেষৰফালে চিঠিখনত বিজ্ঞানী আইনষ্টাইনে এনে কেইটামান তথ্যৰো উল্লেখ কৰিছে যি, জাৰ্মানীত নাজীসকলে আগতে পৰমাণু বোমা তৈয়াৰ কৰিব বুলি ৰুজভেল্ট প্ৰশাসনৰ শংকাক ঘনীভূত কৰাত সহায় কৰে৷
এই চিঠি লিখিবলৈ আইনষ্টাইনক সন্মত কৰে বিজ্ঞানী লিঅ'জিলাৰ্ডে৷ ইউজিন উইগনাৰ আৰু পিছলৈ হাইড্ৰজেন বোমাৰ পিতৃস্বৰূপ হোৱা বিজ্ঞানী এডৱাৰ্ড টেলাৰৰ সহযোগত চিঠিখনৰ আৰ্হি প্ৰস্তুত কৰিছিল বিজ্ঞানী জিলাৰ্ডে৷ পিছত ১৯৪৫ চনত হিৰোশ্বিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ ধ্বংসলীলাত জিলাৰ্ডে ইমানেই অনুতপ্ত হৈছিল যে তেওঁ পদাৰ্থ বিজ্ঞানৰ অধ্যয়নকে বাদ দি জীৱ- বিজ্ঞানৰ অধ্যয়নত ব্ৰতী হৈছিল৷
অনুবাদ কৰোতে বাক্য গাঁঠনিসমূহ মূল চিঠিখনৰ সৈতে হুবহু ৰখা হৈছে ৷



এলবাৰ্ট আইনষ্টাইন
অল্ড গ্ৰ'ভ ৰ'ড
নাৰ্ছাউ পইন্ট
পেক'নিক,লং আইলেণ্ড
২য় আগষ্ট, ১৯৩৯
০০০০০০০০০০০০০০
এফ. ডি. ৰুজভেল্ট
প্ৰেছিডেন্ট অৱ দা ইউনাইটেড ষ্টেটছ্
ৱাচিংটন ডি চি
চাৰ,
ই. ফাৰ্মি আৰু এল. জিলাৰ্ডৰ কিছুমান শেহতীয়া কামৰ পৰা, যিবিলাকৰ বিষয়ে মোক পাণ্ডুলিপিৰে জনোৱা হৈছে, মই এই আশা কৰিব পৰা হৈছো যে নিকট ভৱিষ্যতত ইউৰেনিয়াম মৌলটোক এটা নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসলৈ পৰিণত কৰা হ'ব পাৰে৷ পৰিস্থিতিৰ কিছুমান গড়-গতিয়ে সতৰ্কতা বজাই ৰখাৰ লগতে,যদি প্ৰয়োজন হয়, প্ৰশাসনৰ ফালৰ পৰা খৰতকীয়া কাৰ্যব্যৱস্থা গ্ৰহণৰ হকে কয়৷ গতিকে মই বিশ্বাস কৰোঁ যে নিম্নোলিখিত তথ্যসমূহ আৰু দিহাসমূহ আপোনাৰ দৃষ্টিগোচৰ কৰাটো মোৰ কৰ্তব্যৰ ভিতৰত পৰে৷
যোৱা চাৰিমাহৰ ভিতৰত ফ্ৰান্সৰ জলিয়টৰ লগতে আমেৰিকাৰ ফাৰ্মি আৰু জিলাৰ্ডৰ কামৰ দ্বাৰা এই কথা বিশ্বাসযোগ্য কৰা হৈছে যে― এটা ডাঙৰ পৰিমাণৰ ইউৰেনিয়ামত নিউক্লীয় শৃঙ্খল বিক্ৰিয়া ঘটোৱাটো সম্ভৱ হ'ব পাৰে, যাৰ দ্বাৰা বিশাল পৰিমাণৰ শক্তি আৰু বেছি পৰিমাণে ৰেডিয়ামৰ দৰে মৌল উৎপন্ন হ'ব, এতিয়া এইটো প্ৰায় নিশ্চিত হৈ পৰিছে যে এই কাম নিকট ভৱিষ্যতত সমাধা কৰা হ'ব৷
এই নতুন পৰিঘটনাটোৱে বোমা তৈয়াৰ কৰিবলৈও দিশ দেখুৱাব যদিও বৰ নিশ্চিত নহয় যে এইদৰে এবিধ নতুন ধৰণৰ অতিশয় শক্তিশালী বোমা তৈয়াৰ কৰা হ'ব পাৰে৷ এই ধৰণৰ এটা বোমা, নাৱেৰে কঢ়িয়াই নি এটা বন্দৰত বিস্ফোৰিত কৰিলে আশে-পাশে থকা কিছুমান অঞ্চলৰে সৈতে গোটেই বন্দৰটোৱেই ধ্বংস কৰিব পাৰে৷ এনেকুৱা বোমাবিলাক বিমানেৰে কঢ়িয়াবলৈ যথেষ্ট গধুৰ হ'ব৷
যুক্তৰাষ্ট্ৰত কেৱল নিম্নমানৰ ইউৰেনিয়াম আকৰিকহে মজলীয়া পৰিমাণে পোৱা যায়৷ কানাডা আৰু আগৰ চেকোশ্লোভাকিয়াত কিছুমান ভাল আকৰিকহে আছে যদিও ইউৰেনিয়ামৰ আটৈইতকৈ গুৰুত্বপূৰ্ণ উৎস হ'ল বেলজিয়ান কংগো৷
---------

এই পৰিস্থিতিলৈ লক্ষ্য ৰাখি আপুনি প্ৰাশাসন আৰু আমেৰিকাত শৃংখল বিক্ৰিয়াৰ বিষয়ে কাম কৰা পদাৰ্থ বিজ্ঞানীৰ দলৰ মাজত কিছুমান স্থায়ী যোগাযোগ ৰক্ষা কৰাটো বাঞ্চনীয় বুলি ভাবিব পাৰে৷ সেয়া কৰাৰ এটা সম্ভাব্য উপায় হ'ব আপোনাৰ বিশ্বাস থকা এজন মানুহৰ ওপৰত এই কামটো ন্যস্ত কৰাটো, যি বেচৰকাৰীভাৱে সেৱা আগবঢ়াব পাৰিব৷ এই কামত নিম্নোল্লিখিত কথাকেইটা অন্তৰ্ভুক্ত হ'ব :

ক) চৰকাৰী বিভাগসমূহৰ কাষ চপা, যিবিলাকক কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে জনোৱা আৰু যুক্তৰাষ্ট্ৰৰ বাবে ইউৰেনিয়াম আকৰিকৰ যোগান নিশ্চিত কৰাৰ প্ৰতি বিশেষ নজৰ দি চৰকাৰী কাৰ্যব্যৱস্থাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়োৱা ৷

খ) এই কামৰ বাবে বৰঙণি যোগান ধৰিবলৈ ইচ্ছুক অনা-চৰকাৰী ব্যক্তিৰ লগত থকা তেখেতৰ সংযোগসমূহৰ দ্বাৰা পুঁজিৰ যোগান ধৰি আৰু বোধকৰো দৰকাৰী আহিলা পাতি থকা ঔদ্যোগিক পৰীক্ষাগাৰসমূহৰ সহযোগিতা লৈ পৰীক্ষামূলক কামৰ গতিবেগ বঢ়োৱা, যিটো বৰ্তমান বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰৰ বাজেটৰ সীমাৰ ভিতৰতে চলাই থকা হৈছে ৷
মই বুজিব পাৰিছো যে, জাৰ্মানীয়ে চেকোশ্লোভাকিয়াৰ, যাক তেওঁলোকে অধিকাৰ কৰিছে, খনিসমূহৰ পৰা ইউৰেনিয়ামৰ বিক্ৰী বন্ধ কৰিছে৷ তেওঁলোকৰ এনে আগতীয়া কাৰ্যব্যৱস্থাৰ ঔচিত্য বোধকৰো এই ভিত্তিত বুজিব পৰা হ'ল যে জাৰ্মানীৰ উপ-বিদেশ মন্ত্ৰীৰ পুত্ৰ ভন ৱেইজচকাৰক বাৰ্লিনৰ কাইজাৰ উইলহেল্ম ইনষ্টিটিউটৰ লগত সাঙুৰি দিয়া হৈছে য'ত ইউৰেনিয়ামৰ ওপৰত আগতে আমেৰিকাত কৰা কিছুমান কামকে বৰ্তমান পুনৰ কৰা হৈছে ৷
আপোনাৰ পৰম বিশ্বাসী
―চহী―
(এলবাৰ্ট আইনষ্টাইন)
বিঃদ্ৰঃ 'Yours very truely' ৰ অনুবাদ 'আপোনাৰ পৰম বিশ্বাসী ' কৰা হৈছে ৷

Comments

Popular posts from this blog

ইট্ ইট্ ফিচ এণ্ড মিট্ ইট্

জীৱনৰ গোপন ৰং