জীৱনৰ গোপন ৰং
টং কৈ হৰিৰামে বিদ্যালয়ৰ বে’ল বজোৱাৰ লগে লগে সকলো ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ শ্ৰেণী কোঠাত সোমাল৷ এটা নিজম পৰিৱেশে বিদ্যালয়ৰ চৌহদ আৱৰি ধৰিলে৷ শিক্ষক-শিক্ষয়ত্ৰীসকলো নিজৰ নিজৰ শ্ৰেণীলৈ ৰাওনা হ’ল৷ আন দিনবোৰৰ দৰে আজিও ৰূপালী বাইদেৱে চতুৰ্থ শ্ৰেণীৰ ৰেজিষ্টাৰ বহীখন মোকলাই ল’লে৷ কিন্তু তেওঁ লক্ষ্য কৰিছে আজি কেইবাদিনো ধৰি জুৰি স্কুললৈ অহা নাই৷ তাই এজনী মেধাৱী ছাত্ৰী, সদায়ে শ্ৰেণীত প্ৰথম স্থান পায়৷ : বকুল, তুমি বিদ্যালয়লৈ আহোঁতে জুৰিহঁতৰ ঘৰৰ ফালেদি আহা নহয়নে? জুৰিয়ে কিয় ইমানদিন বিদ্যালয়লৈ অহা নাই খবৰ কৰিবাচোন? : মই খবৰ লৈছিলোঁ বাইদেউ৷ তাইৰ মাকৰ বেমাৰ সেইবাবে তাই বিদ্যালয়লৈ অহা নাই৷ : হয় নেকি? পাৰিলে তাইক সোনকালে বিদ্যালয়লৈ আহিবলৈ ক’বা, পৰীক্ষা ওচৰ চাপিছে৷ এজন মাছমৰীয়াৰ জীয়েক জুৰি৷ নদী কাষৰীয়া এডোখৰ ঠাইত জুৰিৰ ঘৰ, অৱশ্যে জুপুৰী বুলিবই পাৰি৷ ঘৰৰ পাছফালে এখন সৰু বাৰী৷ ঘৰটোৰ বেৰবোৰৰ অ’ত ত’ত জলঙা ওলাইছে৷ ওপৰৰ ফালে খেৰৰ চাল৷ খেৰৰ চালখনে বৰষুণ দিলে বিশেষ একো বাধা দিব নোৱাৰে৷ কেইবাদিন ধৰি জুৰিক মাক নৰিয়াত পৰি আছে৷ কাহিলিপুৱাতেই জুৰিৰ বাপেকে মাছ মাৰিবলৈ ওলাই যায়৷ ৰাতি সাত মান বজালৈ মাছ বিক্ৰী