ইট্ ইট্ ফিচ এণ্ড মিট্ ইট্


কাষৰ কোৱাৰ্টাৰত আজি কিবা আছে নেকি অ,মাংসৰ আঞ্জাৰ গোন্ধটো বাৰে বাৰে আহি নাকত লাগিছেহি৷”
দুপৰীয়াৰ ভাতকেইটা খাই বেচিনত হাতখন ধুই ধুই অভিলাষ বৰুৱাই চিত্ৰাংগদাৰ মুখলৈ চাই কথাকেইটা কলে ৷
ছাৰ,সিহঁতৰ ঘৰৰ বাচ্চাটোৰ কিবা আছে চাগৈ, ৰাতিপুৱাৰ পৰাই মানুহ৷”
আচ্চা ছাৰ, বাইদেউ কেতিয়া উভতি আহিব বাৰু ? লাহেকৈ সুধিলে তাই ৷
বাইদেউ উভতি নাহিব যেনেই লাগিছে বুজিছ ৷ বায়েকৰ ঘৰলৈ গৈ মোক বনবাসত এৰি থৈ গল ৷ মইহে গম পাওঁ মোৰ কি দুৰৱস্থা হৈছে তইও বিয়া হলে তেনেকুৱাই কৰিবি৷

তাই খিক্ খিককৈ হাঁহি আকৌ মাত দিলে
ইইই ছাৰ !! মই বিয়া নহওঁ দেই,ইম্ফল এৰি কলৈকো নাযাওঁ

তামোল এখন মুখত ভৰাই অলসভাৱে চোফাখনত দেহাটো এৰি দি বৰুৱাই কলে,তই বিয়া নহওঁ বুলি কলেই হলনে ! অহা মাহত বাবলু আৰু পংখী আহিব ৷ বাইদেউ আৰু ইহঁত দুটাৰ লগত তোৰ বিয়াখনৰ কথা পাতিব লাগিব ৷

লাজ লাজকৈ মূৰটো তললৈ কৰি তাই ক'লে, ছাৰ বাবলু দাদাৰহে বিয়া পাতি দিব লাগে ৷ মই ভি তেতিয়া বৌটোক চাই যাব পাৰিম ৷

বৰুৱাই ইতিমধ্যে গম পাইছে যে কথা ওলাল যেতিয়া এই এতিয়া এনেকৈ নাযাব ৷ চিত্ৰাংগদাক তেওঁ সৰুৰ পৰাই পাইছে ৷ নিজৰ ছোৱালী পংখীৰ দৰেই মৰম কৰে তাইক ৷ ইম্ফলৰ ছোৱালী তাই ৷ মণিপুৰী হোৱা বাবে অসমীয়া কওঁতে অলপ খোকোজা লাগে ৷ ঘৰৰ দুৰৱস্থাৰ বাবে বাপেকে তাইক বৰুৱাৰ ঘৰতে থৈ গল ৷ বনকৰা ছোৱালী হিচাপে তাইক ৰাখিবলৈ টান পাইছিল বৰুৱাই ৷ কিন্ত তাইৰ প্ৰতি বৰুৱাৰ কিবা এটা মোহ জাগিল ৷ ৰাখি থলে তাইক ৷ তাইৰ পঢ়া-শুনা আদিৰ পৰা বিয়া দিয়ালৈকে সকলো দায়িত্ব লোৱাৰ সিদ্ধান্ত লৈ পেলালে বৰুৱাই সিদিনাই ৷ লাহে লাহে দুই এখন কামেৰে বৰুৱানীক সহায় কৰি দিয়াও হ,লগতে তেওঁলোকৰ অকলশৰীয়া অনুভৱটো নাইকিয়া হল ৷ লৰা-ছোৱালী দুটাক উচ্চ-শিক্ষাৰ খাতিৰত বিদেশলৈ পঠিয়াব লগা হোৱাত এতিয়া ঘৰখনত মানুহ বুলিবলৈ তিনিটি প্ৰাণীহে বৰুৱা-বৰুৱানী আৰু চিত্ৰাংগদা ৷ নিমাওমাও হৈ থকা ঘৰখনত তাইয়ে এতিয়া একমাত্ৰ সাৰথি ৷

তই এতিয়া ইয়াৰ পৰা যাবিনে ৷ নহলে কিন্তু অহা বছৰলৈ কণা,কুঁজা,লেঙেৰা,বুঢ়া যিয়েই নহওক-এটা ধৰি আনিম আৰু তোক বিয়া দি দিম ৷
বৰুৱাই লাহেকৈ চকুকেইটা টিপিয়াই ধেমালিৰ সুৰত তাইলৈ চাই কলে ৷

এনেতে কলিং বেলটো বাজিল৷ চিত্ৰাই দুৱাৰখন খুলি দিলে ৷ হাতত তামোল-পাণ এখন লৈ বৰুৱালৈ বুলি আগুৱাই আহিল মানুহজন ৷

ছোৱালীজনীৰ জন্মদিন,আবেলিলৈ ভাতসাঁজ আমাৰ ঘৰতে গ্ৰহণ কৰিব,আটাইকে নিমন্ত্ৰণ জনালোঁ
বৰুৱাই বটাটো টেবুলত থৈ কাষৰ কোৱাৰ্টাৰটোলৈ নতুনকৈ অহা মানুহজনলৈ চাই ক'লে নিশ্চয়! তোমালোকৰ লগত চিনাকিও হোৱা নাই নহয় ভালদৰে ৷ ভালেই হব দিয়া,চিনাকি-পৰ্ব এটাও হব ৷ পিছে ঘৰৰ বাকীবোৰ সদস্য নাই,এই( চিত্ৰাংগদা) আৰু মইয়ে যাম দিয়া ৷”
নতুন আলহীক বিদায় দি বৰুৱা টিভিটোৰ সন্মুখত বহিল ৷ ৰিমৰ্টৰ বুটামবোৰ পকাই পকাই এফালৰ পৰা চেনেলবোৰ চোৱাত লাগিল ৷
আজিকালি এই টিভিটোও চাবলৈ মন নোযোৱা হল, ইমানসোপো যে এডভাৰটাইজ দিয়ে অ’৷”-মুখৰ ভিতৰতে ভোৰভোৰালে বৰুৱাই ৷
অই চিত্ৰা চাওঁ, চাহ একাপ আনচোন৷

পানী এগিলাচ হাতত লৈ চিত্ৰাই বৰুৱাৰ সন্মুখত ৰৈ পানী গিলাচ আগবঢ়াই দি কলে-এতিয়া চাহ নিদিও দাৱাই খোৱা টাইম হৈছে,এইটো লওক ৷ দুপৰীয়া নাকত লাগি থকা মাংসৰ গোন্ধৰে আবেলিলৈ পেট পূৰাব লাগিব না... ঠিক আছে আপুনি যদি দাৱাই নাখায় তেনেহলে মই আলহীক কৈ দিওঁগৈ যে ছাৰ নাযায়, অসুখ ৷
দুষ্টালিভৰা হাঁহি এটা মাৰি তাই বৰুৱালৈ চাই কথাষাৰ কলে ৷

ব হব দে ৷ তোৰ পৰা নোৱাৰি আৰু ৷

মানুহজনীও নাইতাই  আক তাতে জ্বলা জুইত ঘিঢালিছে ৷ আজি নিমন্ত্ৰ এটা পাইছোঁ এইজনীয়ে আকৌ মুদাই মাৰিছিল৷”-খাওঁ-নাখাওঁকৈ বৰুৱাই ঔষধটো খালে৷

------------------------------------------------------------------------------------------------------------------
আবেলি নতুন আলহীৰ ঘৰত,ভাতৰ টেবুলত আটায়ে বহি আছে৷ বহুত দিনৰ মূৰত বৰুৱাৰ আজি মন গ’ল অতীত-ৰোমন্থন কৰিবলৈ৷ সিপিনে শ্ৰোতাও ধেৰ৷ গতিকে বৰুৱাই ‘আখ্যান’ আৰম্ভ কৰিলে-

মনিপুৰলৈ অহা আজি বহু বছৰ পাৰ হৈ গল ৷ বেংকৰ চাকৰিসূত্ৰে মই আৰু প্ৰদীপ ইম্ফল পালোঁহি ৷ তেতিয়া আমি চফল ডেকা ৷ ইম্ফলৰ প্ৰায়বোৰ ছোৱালীৰ মাক-বাপেকৰ চকু আমাৰ ওপৰত ৷ ইয়ালৈ আহিহে গম পালো সাংঘাটিক কেছ হৈ আছে বুলি ৷ অফিচৰ প্ৰায় সকলোৰে মুখে মুখে শুনিবলৈ পালো যে ইয়ালৈ যিমানবোৰ ডেকা ৰা আহে শেষত গৈ সকলোবোৰ ইম্ফলৰ জোঁৱাই হয়গৈ ৷ কথাটো নোহোৱাও নহয় ৷ অফিচৰ প্ৰায়বোৰ লৰাৰে পত্নী মণিপুৰী ৷ ইম্ফললৈ অহা এবছৰ আগলৈকে সেই ঘটনা ঘটি আছিল ৷ আমাৰ দুটাৰ লাগিল ভয় ৷ ভয়ে ভয়ে চাৰি বছৰ চাকৰি কৰিলো৷ ভাগ্য ভাল আছিল,অৱশেষত যেনিবা মনিপুৰৰ জোঁৱাই হোৱাৰ পৰা হাত সাৰিলো ৷ বিয়া পাতিলো,এদিন দুদিনকৈ সংসাৰ আগবাঢ়িল ৷ তেতিয়া দৰমহাও কমকৈ পাওঁ ৷ ঘৰলৈও পইচা পঠিয়াব লাগে ৷ মাহৰ মৰত যিকেইটা দৰমহা পাওঁ লৰাই ছোৱালীয়ে কোনোমতেহে জোৰা-টাপলি মাৰো ৷ আকৌ ঘৰলৈ পঠিয়াবলৈ হাতত ফুটাকড়ি এটাও নাথাকেগৈ ৷ বিয়া পতাৰ আগলৈকে যদিও সকলো ঠিকেই আছিল বিয়া পতাৰ পাত এই কামফেৰা অলপ কমিবলৈ ধৰিছিল ৷

বিয়া নপতাৰ আগলৈ প্ৰত্যেক মাহে-মাহে ঘৰ পইচা পাইছিল ৷ বিয়া পতাৰ পাত দায়িত্ব বাঢ়িল; সেয়েহে দুমাহ, তিনিমাহৰ মৰতহে পইচা ঘৰ পাইছিলগৈ ৷ তেনেকৈ প্ৰায়  দুমাহমান ঘৰলৈ পইচা পঠোৱা নহল ৷

এবাৰৰ কথা,অফিচলৈ টেলিগ্ৰাম এখন আহিল তেতিয়াৰ দিনত টেলিগ্ৰাম সদ্যহতে মানুহে নকৰিছিল ৷ বিশেষ কিবা জৰুৰী খবৰ থাকিলেহে পঠাইছিল ৷ তাৰ মাজৰ প্ৰায়ভাগ খবৰেই দুখজনক আছিল ৷

টেলিগ্ৰাম লিখোতে মানুহে যিমান পাৰি চুটিকৈ লিখিছিল ৷ প্ৰতিটো শব্দৰ বাবদ পইচা লোৱা হৈছিল ৷ খৰছীও আছিল ৷ পিনটোৱে আহি টেলিগ্ৰামখন হাতত তুলি দিয়াত মই থৰথৰকৈ কঁপিবলৈ ধৰিলো ৷ বহু সাহস গোটাই টেলিগ্ৰামখন পঢ়িবলৈ আৰম্ভ ধৰিলো

আৰে এইয়া কি !!! মোৰ চকু কপালত উঠিল ৷ টেলিগ্ৰামত এইয়া কি লিখা আছে !! Eat Eat Fish and Meat Eat মই ভাবিবলৈ ধৰিলোঁ-দেউতাই এইখন কেনেকুৱা টেলিগ্ৰাম পঠাইছে ! কেইবাবাৰো পঢ়ি বুজিবলৈ চেষ্টা কৰিও মই বিফল হলো ৷ অফিচ ষ্টাফৰ সকলোকে সেইখন দেখুৱালো, অথচ কোনেও তাৰ অৰ্থোদ্ধাৰ কৰিব নোৱাৰিলে ৷ আচলতে সেইখনত কি বুজাইছিল দেউতাই ৷ উপায়ন্তৰ হৈ মেনেজাৰৰ কাষ চাপিলোগৈ ৷

মেনেজাৰে সেইখন লুটিয়াই মেলি মোৰ মুখলৈ চাই ক'লে, বাপেৰলৈ পইচা নপঠিওৱা কিমান দিন হল ?

মই কলো,দুমাহ মান পঠিওৱা নাই ছাৰ ৷

হমমমম…৷ এইখন সেইকাৰণেই পঠাইছে ৷”-দীঘল হুমুনিয়াহ এটা কাঢ়ি মেনেজাৰে কলে

মেনেজাৰে সেইখনৰ অসমীয়ালৈ ভাঙনি কৰি দিলে৷ তেতিয়াহে উৰহীৰ ওৰ ওলাল ৷ বুজি পালোঁ- আচলতে দেউতাই কি বুজাইছিল ৷

তাত লিখা আছিলEat Eat Fish and Meat Eat অৰ্থাৎ অসমীয়াত তাৰ পোনপটীয়া  অৰ্থটো হখা খা মাছে মঙহে খা

দেউতাৰ টেলিগ্ৰামৰ অৰ্থ বুজি পাই গোটেই ষ্টাফ হাঁহিত বাগৰি পৰিল আৰু মোৰ অৱস্থা হৈছিল ভিজা মেকুৰটোৰ দৰে ৷ সেই ঘটনা হৈ যোৱাৰ দুদিন পাছতেই দেউতা আহি ইম্ফল ওলাইছিলহি ৷ মই তেতিয়া কেচ কাউণ্টাৰত ৷  দেউতাই হতবাক টিঙিৰি তুলা হৈ মোৰ ফালে চাই দেউতাই লে, হে প্ৰভু ! মোৰ লৰাই ইমানবোৰ টকাৰ ওপৰতে বহি কাম কৰে,অথচ মাহৰ মূৰত মোলৈ টকাকেইটাও নপঠায় ৷ বহুত বুজাই-বঢ়াই দেউতাক ঠাণ্ডা কৰি পইচা কেইটামান দি ঘৰলৈ পঠিয়াই দিলো ৷ তেতিয়াৰ পৰাই মই দৰমহা পোৱাৰ লগে লগেই ঘৰলৈ টকাকেইটামান পঠিয়াই দিয়া হলো ৷ কি ঠিক আকৌ বা কেতিয়া হঠাতে Eat Eat Fish and Meat Eat বুলি টেলিগ্ৰাম আহি যায় ৷
-------------------------------------------------------------------------------------------------------------------
নতুন আলহীৰ ঘৰত অভিলাষ বৰুৱাৰ এই কাহিনী শুনি ডাইনিং টেবুলৰ চাৰিওফালে বহি থকা আটাইবোৰে গিৰ্জনি মাৰি হাঁহিলে ৷ ভাত,মাছ-মাংসৰ সম্ভাৰ লৈ কণমানিজনীৰ মাক আহি বৰুৱাৰ ওচৰত ৰলহি ৷ মাংসৰ টুকুৰাকেইটা বাঢ়ি দিওঁতে কণমাণিজনীয়ে চিঞৰিলে, ককা,Eat Eat Fish and Meat Eat.(৷) ক্ষণিকতে বৰুৱাৰ মনটো পুনৰ উৰা মাৰিলে টেলিগ্ৰামৰ সেই দিনবোৰলৈ ৷

---------------------------------------------০০০০০০০০০০০০--------------------------------------------------

Comments

Popular posts from this blog

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ নথি

জীৱনৰ গোপন ৰং